ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা।
ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
অসমৰো তিনিখন আসনৰ বাবে হ’ব নিৰ্বাচন।
এইবাৰ অন্ত পৰিব অসমৰ ৩ সাংসদৰ কাৰ্যকাল। অসমৰ সাংসদ ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব।
২৬ ফেব্ৰুৱাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ। আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৫ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ মাৰ্চ।
১৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
১৬ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট গণনা।
- Log in to post comments