আজি আলি আঃয়ে লৃগাং।মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়(Ali Aye Ligang)।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটৰ বৰদিকৰাই গাঁৱত আজি দিনজোৰাকৈ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং উদযাপন কৰা হৈছে। বৰদিকৰাই উন্নয়ন সমিতি আৰু চিজন আজন যুৱক সংঘৰ সৌজন্যত আয়োজিত আলি আঃয়ে লৃগাং উৎসৱৰ পুৱাই সুৰ্য্য চন্দ্ৰ দেৱতাক আৰাধনা কৰি মাংগলিক নীতি নিয়মেৰে মিচিং জনগোষ্ঠীয় লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং উপলক্ষে যুৱক যুৱতী সকলক নাচিবাগি আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে৷
উল্লেখ্য যে, উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই 'দঞিপল' (সূৰ্য-চন্দ্ৰ) ৰ নাম লৈ স্তুতি গীত আওৰায়।এই স্তুতি গীত পূৰ্ব্বপুৰুষৰ মৃত আত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয় ৷ লগতে শস্যৰ ক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলেৰে যাতে কুশল-মংগল হয় তাৰেই কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয় ৷
সেইদিনা বৰা চাউলৰ 'পুৰাং' কৌপাতত বান্ধি সিজোৱা ভাত,মাছ,গাহৰিৰ মাংস,আপং আদিৰে ভোজন পৰ্ব্ব কৰা হয় ৷ এই উৎসৱত পৰ:আপং ব্যৱহাৰ কৰা হয় । এই আলি আঃয়ে লৃগাং উৎসৱ উপলক্ষে আজি পুৱাৰ পৰম্পৰাগত বিভিন্ন ধৰ্ম্মীয় কাৰ্য্যসূচীৰ পাছতে পতাকা উত্তোলন কৰে গাওঁ উন্নয়ন কমিটিৰ সভাপতি ভাষ্কৰ বৰাই। লগতে দিনজোৰা কাৰ্য্যসূচীৰে আলি আ:য়ে লৃগাং পালন কৰাৰ পাছত নিশা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলিও উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
- Log in to post comments