অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে কেবিনেটত ডাঙৰ খবৰ। চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে গ্ৰেড ১ আৰু গ্ৰেড ২ চাকৰিতো ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ।
ফলত এচিএছ অফিচাৰৰ পৰা এপিএছ অফিচাৰৰ পৰা অধ্যাপক-অধ্যপিকালৈ চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে ৩ শতাংশ সংৰক্ষণৰ পথ প্ৰশস্ত হ’ল। অহাবাৰ এচিএছ পৰীক্ষাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। বাকী পদসমূহৰ ক্ষেত্ৰত আজিৰ পৰা যি বিজ্ঞাপন ওলায় তাত, এই ৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী হ’ব।
মিছন বসুন্ধৰাৰ অধীনত কেইবাখনো জিলাত ভূমি পট্টাৰ বিষয়ত অনুমোদন জনায় আজিৰ কেবিনেটে।
- Log in to post comments