UB News

নৱবৰ্ষৰ পহিলা দিনটোতে শতবৰ্ষত ভৰি থ'লে নগাঁৱৰ বৰজহা মজলীয়া বিদ্যালয়ে । ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনিৰ শতবৰ্ষৰ উপলক্ষে বৃহস্পতিবাৰে বিয়লি বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় 'শিপাৰ সন্ধানত' শীৰ্ষক এক মত বিনিময়ৰ অনুষ্ঠান । শতবৰ্ষ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক তথা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ এন আইৰ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে ।