মহানগৰবাসীৰ বাবে উদ্বেগজনক খবৰ! দেশৰ ভিতৰতে প্ৰদূষিত চহৰ হৈ পৰিছে গুৱাহাটী........

pollution

গুৱাহাটী মহানগৰবাসীৰ বাবে এক উদ্বেগজনক খবৰ। দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। জনসংখ্যা বৃদ্ধিৰ বাবেই আটাইতকৈ প্ৰদূষিত দেশ ৰূপে স্বীকৃতি পালে নেকি ভাৰতে? ইয়াক লৈ ভাৰত চৰকাৰে কি প্ৰদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

লগতে, এই ক্ষেত্ৰত অসম চৰকাৰেও গুৰুত্ব দিয়াটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় বিষয় হৈ পৰিছে। দিল্লীতকৈও অধিক প্ৰদূষিত চহৰলৈ পৰিণত গুৱাহাটী।

উল্লেখ্য যে,প্ৰদূষিত দেশৰ তালিকাত তৃতীয় স্থানত আছে ভাৰত। প্ৰদূষিত চহৰৰ শীৰ্ষত আছে বিহাৰৰ বেগুচৰাই। দেশৰ ভিতৰতে দ্বিতীয় প্ৰদূষিত চহৰ গুৱাহাটী। দেশৰ তৃতীয় প্ৰদূষিত চহৰহে দিল্লী।

বিশ্বৰ ৫০খন চহৰৰ ভিতৰত ৪২খনেই ভাৰতৰ। IQAirএ বিশ্বৰ ১৩৪খন দেশত চলোৱা চাৰ্ভেত এই তথ্য।

Category
Profile picture for user UB Photos