অপেক্ষাৰ অন্ত! গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুকলি কৰিলে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ অভিলাষী পদক্ষেপে আজি পালে বাস্তৱ ৰূপ।
২৯ ডিচেম্বৰৰ দিনটো অসমবাসীৰ বাবে হৈ থাকিব এক ঐতিহাসিক দিন। ২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। 'শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ' মুকলি কৰি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে অমিত শ্বাহে।