বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ ক'ভিশ্বীল্ড! কিয় প্ৰত্যাহাৰ কৰা হ'ল ক'ভিশ্বীল্ড?....

Covid vaccine

বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল ক'ভিশ্বীল্ড। বাণিজ্যিক কাৰণত এই সিদ্ধান্ত লোৱা বুলি উল্লেখ ভেকচিন প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাৰ। কোভিভ প্ৰতিষেধক ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বাতৰিয়ে ইতিমধ্যে সমগ্ৰ ভাৰতত ক’ভিশ্বিল্ড প্ৰতিষেধক লোৱা লোকৰ মাজত শংকাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, মঙলবাৰে ব্ৰিটেইনৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰে পৰা ভেক্সজেভেৰিয়া কোভিড প্ৰতিষেধকবিধ ওভতাই অনাৰ কথা প্ৰকাশ কৰিছে।

এষ্ট্ৰাজেনেকাৰ এই সিদ্ধান্তই ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো এষ্ট্ৰাজেনেকাৰ ভেক্সজেভেৰিয়া কোভিড প্ৰতিষেধক বিধ ভাৰতৰ ছিৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ক’ভিশ্বিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল।

অৱশ্যে, ব্ৰিটেইনৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাৱে সমগ্ৰ বিশ্বৰ পৰা ক'ভিশ্বীল্ড প্ৰতিষেধকবিধ ওভতাই অনা সন্দৰ্ভত অন্য কাৰণহে প্ৰকাশ কৰিছে।

এষ্ট্ৰাজেনেকাই প্ৰকাশ কৰা অনুসৰি, কোভিড মহামাৰীৰ পাছত বিশ্বজুৰি কোভিড প্ৰতিষেধক সুলভ হৈ পৰাৰ পৰিপ্ৰেক্ষিততহে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে বিশ্বৰ ভিন্ন প্ৰান্তত বিতকৰণ কৰা প্ৰতিষেধকসমূহ ওভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা ভেক্সজেভেৰিয়া নামৰ কোভিড প্ৰতিষেধকবিধ শীঘ্ৰেই সমগ্ৰ ইউৰোপৰ পৰা ওভতাই আনিব বুলি প্ৰকাশ কৰিছে। ইউৰোপৰ পিছতে বিশ্বৰ অন্যান্য দেশৰ পৰাও কোভিড প্ৰতিষেধকবিধ ওভতাই অনাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে। 
 

Category
Profile picture for user UB Photos