এখন অসমীয়া চিনেমাক লৈ আলফা (স্বাঃ)ৰ মেইল! তিনি-চাৰি সপ্তাহলৈ চিনেমা হলত চিনেমা চলাবলৈ মানা কৰিছে আলফা (স্বাঃ)-এ, কিন্তু কিয়?....

ULFA

এখন অসমীয়া চিনেমাক লৈ বিশেষ মেইল আলফা (স্বাঃ)ৰ। প্ৰস্তুতি পৰাশৰ অভিনীত নতুন অসমীয়া চিনেমা 'প্ৰতিশ্ৰুতি'চিনেমাখনক লৈ মেইল কৰিলে আলফা (স্বাধীন)-এ,।।কিন্তু কিয়?

উল্লেখ্য যে, অহা ২৪ মে'ত মুক্তি‌ লাভ কৰিব ড্ৰাগছক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা 'প্ৰতিশ্ৰুতি' নামৰ চিনেমাখন। অসমৰ ৰাইজক এই চিনেমাখন চাবলৈ আহ্বান জনাইছে আলফা (স্বাধীন)-এ।

Assamese Movie

আনহাতে, অসমীয়া চিনেমা 'প্ৰতিশ্ৰুতি' চলি থকা সময়ত, অন্ততঃ তিনি চাৰি সপ্তাহলৈ অসমত হিন্দী চিনেমা নচলাবলৈ আহ্বান জনাইছে আলফা (স্বাঃ)এ। এক আনুষ্ঠানিক বিবৃতিৰ যোগে এই খবৰ দিয়ে আলফা (স্বাঃ)য়ে।

সেয়েহে, ২৪ মে'ৰ পৰা তিনি চাৰি সপ্তাহলৈ চিনেমা হলত হিন্দী চিনেমা চলাবলৈ মানা কৰিছে আলফা (স্বাধীন)-এ।

Category
Profile picture for user UB Photos