সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত!

Sarbananda Sonowal

আন কোনো প্ৰাৰ্থীয়ে আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰাৰ বাবে সোমবাৰে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সোমবাৰে সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, জলসম্পদ মন্ত্ৰী পীযুষ হাজাৰিকাৰ উপস্থিতিত দিচপুৰৰ অসম বিধানসভা সচিবালয়ৰ পৰা বিজয়ীৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে। 

সোণোৱালে ২০২১ চনৰ ২১ ছেপ্টেম্বৰত ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল।

২০১৬ চনত, সোণোৱালে মাজুলী আসনৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল আৰু অসমৰ মুখ্যমন্ত্ৰী হৈছিল। আৰু পিছত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয়।

Category
Profile picture for user UB Photos