World Tourism Day

আজি বিশ্ব পৰ্যটন দিৱস। এইবাৰ  বিশ্ব পৰ্যটন দিৱস ২০২৩ ৰ থিম হৈছে “Tourism and Green Investment”। সমগ্ৰ বিশ্বই আজি পালন কৰিছে বিশ্ব পৰ্যটন দিৱস ৷ 

বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলেও স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশেষ ভাৱে এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত অসমৰ কাজিৰঙা, মানাস,ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অসমৰ পৰ্যটনক ভিত্তি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ লগত জনগোষ্ঠীয় পৰম্পৰাই আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটকক ৷ অৱশ্যে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কাজিৰঙাই ৷