আজি বিশ্ব পৰ্যটন দিৱস! বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান দখল অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যানৰ......

tourism

আজি বিশ্ব পৰ্যটন দিৱস। এইবাৰ  বিশ্ব পৰ্যটন দিৱস ২০২৩ ৰ থিম হৈছে “Tourism and Green Investment”। সমগ্ৰ বিশ্বই আজি পালন কৰিছে বিশ্ব পৰ্যটন দিৱস ৷ 

বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলেও স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিশেষ ভাৱে এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত অসমৰ কাজিৰঙা, মানাস,ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অসমৰ পৰ্যটনক ভিত্তি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ লগত জনগোষ্ঠীয় পৰম্পৰাই আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটকক ৷ অৱশ্যে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে কাজিৰঙাই ৷

উল্লেখ্য যে, বিগত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা ৩ লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী ৷ কাজিৰঙাত পৰ্যটকৰ অভূতপূৰ্ব সহাৰিৰ বাবে চৰকাৰে কাজিৰঙাৰ পৰ্যটনক অধিক গতিশীল কৰাৰ বাবে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মানৰ পৰিকল্পনা গ্ৰহণ কৰাৰ লগত অসমৰ পৰ্যটন বিভাগেও কাজিৰঙাৰ পৰ্যটন উন্নয়নৰ বাবে গ্ৰহণ কৰিছে অভিলাষী আঁচনি ৷

Category
Profile picture for user UB Photos