Fake government of India officer

কাহিলীপাৰাৰ প্ৰৱঞ্চনাৰ গোচৰত মৃদুপৱন নেওঁগ নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীৰ চলালে অভিযানত।

দীৰ্ঘসময় ধৰি বহুলোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত মৃদুপৱন নেওঁগৰ কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহুতো আপত্তিজনক নথি-পত্ৰ।

নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়া নেওঁগে ব্যক্তিগত বাহনত ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱা তথ্যও পোহৰলৈ আহিছে।

আৰক্ষীৰ অভিযানৰ সময়ত যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে এটা .৩২এম এম পিষ্টলসহ ২০জাই সজীৱ গুলী।