Lokhra

মহানগৰীৰ সৰুসজাইত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী নুনমাটিৰ ৰুনু দাস বুলি চিনাক্ত কৰা হৈছে।

খানাপাৰাৰ পৰা একে দিশেৰে লখৰা অভিমুখে আহি থকা এ এছ ০২ এ চি ৭৬৬২ নম্বৰৰ এখন ট্ৰাকে এ এছ ০১ ই ডব্লিউ ৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়ে।

সৰুসজাইত দুৰ্ঘটনাত পতিত হোৱা বাইকখন উদ্ধাৰ হয় ট্ৰাকসহ প্ৰায় এক কিলোমিটাৰ দূৰৈৰ লখৰাত। বাইকখন ট্ৰাকৰ তলত থকা অৱস্থাত উদ্ধাৰ কৰা হয়।