বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! আগন্তুক ৫ দিনলৈ প্ৰবল বৃষ্টিপাতৰ আশংকা....

weather report

সমগ্ৰ ৰাজ্যত এতিয়া কান্দোনৰ ৰোল। এনিশাৰ ভিতৰতে ১৯খন জিলাৰ পৰা ২৮খন জিলাৰ লোক বানৰ কৱলত। ৰাজ্যৰ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰো বান পৰিস্থিতক লৈ চিন্তিত হৈ পৰিছে।

বানৰ কৱলত অসমৰ ২৮ খন জিলাৰ ১১ লক্ষাধিক লোক। ৮৪ ৰাজহ চক্ৰ, ২,২০৮ খনকৈ গাঁও বানৰ কৱলত। ক্ষতিগ্ৰস্ত ৪২,৪৭৬.১৮ হেক্টৰ কৃষিভূমি, ৪ লক্ষাধিক পশুধন। উজনি-নামনি সৰ্বত্ৰ প্ৰলয়ংকৰী বান।

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নৈ-উপনৈৰ জলপৃষ্ঠ। লগতে, বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ছিগিলে মথাউৰি

তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আগন্তুক ৫ দিনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই। ৫ আৰু ৬ জুলাইত অসম, মেঘালয়, অৰুণাচলত হ’ব প্ৰবল বৃষ্টিপাত। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী।

Category