Arjuna Award

২০ ডিচেম্বৰৰ দিনা কেন্দ্ৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা। মন্ত্ৰালয়ে দেশৰ ২৫ গৰাকী খেলুৱৈৰ লগতে মহম্মদ ছামিলৈও সন্মানীয় বঁটা আগবঢ়ায়।

উল্লেখ্য যে, দেশৰ মুঠ ২৫গৰাকী খেলুৱৈলৈ অৰ্জুন বঁটা প্ৰাদান। লগতে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা দুগৰাকী বেডমিণ্টন তাৰকালৈ। শ্বাটলাৰ যুটী ছিৰাগ শ্বেট্টি-সাত্বিক ছাইৰাজলৈ এই বঁটা।

ক্ৰিকেটাৰ মহম্মদ ছামীলৈ ২০২৩ৰ অৰ্জুন বঁটা। এথলেটিকছৰ পাৰুল চৌধুৰী, শ্ৰীশংকৰলৈ অৰ্জুন বঁটা। কাবাদীৰ পৱন কুমাৰ, ৰিতু নেগীলৈ ২০২৩ৰ অৰ্জুন বঁটা। শ্বুটিঙৰ ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ, ঈশা সিঙলৈ অৰ্জুন বঁটা।