Drug

বৰপেটাৰ কেওটকুছিৰ এখন ফাৰ্মাচীত জব্দ নিচাযুক্ত টেবলেট, ফাৰ্মাচীখনৰ গৰাকী আব্দুল জলিলসহ ধৃত আনজন ছাহিল মেহবু হাছান।

উল্লেখ্য় যে, ছাহিল মেহবু হাছানে ফাৰ্মাচীখনত বিক্ৰী কৰি আহিছিল নিচাযুক্ত টেবলেট। বৰপেটা আৰক্ষীয়ে অভিযান চলাই কেওটকুছি গাৱৰ এখন ফাৰ্মাছীৰ পৰা হেজাৰোধিক নিচাযুক্ত টেবলেটসহ ফাৰ্মাচীখনৰ গৰাকী আব্দুল জলিল আৰু ছাহিল মেহবু হাছান নামৰ আন এটা যুৱকক আটক কৰে ৷

আনহাতে, ধৃত আব্দুল জলিলৰ ঘৰ বহৰিৰ হৰিপুৰত আৰু ছাহিল মেহবু হাছানৰ ঘৰ ভেৰালদি গাৱত ৷ ছাহিল মেহবু হাছানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ফাৰ্মাছীৰ গৰাকীজনক আটক কৰে আৰক্ষীয়ে ৷