Sonapur

সোণাপুৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন এলপিজি পৰিবাহী টেংকাৰ আৰু আৰু এখন অল্ট'ৰ মুখামখি সংঘৰ্ষ হয়। ফলত এলপিজি পৰিবাহী টেংকাৰ খনৰ পৰা নিৰ্গত হয় গেছ। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি টেংকাৰখনৰ পৰা গেছ নিৰ্গত হৈ থকাৰ ফলত এক আতংকময় পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত। ONGCৰ বিশেষজ্ঞৰ দলে নিৰ্গত হৈ থকা গেছ বন্ধ কৰাৰ চেষ্টা চলাই। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত হয়।

দুৰ্ঘটনাৰ গুৰুত্বৰ ভাৱে আহত হয় টেংকাৰ চালকজনক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় চালকজনক।