চাৰিওফালে স্বাধীনতা দিৱসৰ আনন্দ উল্লাস। তাৰ মাজতে মাজুলীত সংঘটিত এক ভয়ংকৰ ঘটনা। নিজ পুত্ৰই হত্যা কৰিলে মাতৃক। কুলাংগাৰ, পাষান পুত্ৰই লাঠিৰে মৰিয়াই মৰিয়াই নৃসংশভাবে হত্যা কৰিলে জন্মদাত্ৰী মাতৃক।
কুলাংগাৰ পুত্ৰৰ নাম ৰাহুল কাকতি বুলি জানিব পৰা গৈছে। ৰাহুল কাকতিৰ হাতত মৃত্যু হোৱা মাতৃগৰাকীৰ নাম সোনাপী কাকতি। তেওঁৰ বয়স ৫৪ বছৰ বুলি জানিব পৰা গৈছে । মাজুলী গড়মূৰ থানাৰ অন্তৰ্গত যোৰবিল কাঠনিআটী গাৱঁত সংঘটিত হৈছে এই ভযংকৰ হত্যাকাণ্ড।