‘চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱা নাছিল তেজস্বিতাৰ’ 

Tejaswita Baruah

৫ অক্টোবৰত মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যুক সাবটি ল’বলগা হৈছিল শিশু কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই। আৰু তাৰ পাছতে পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল আৰু মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন আৰু মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়দ্বীপ ৰজকক তদন্তৰ দায়িত্ব দিয়া হৈছিল। এই তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেজস্বিতাৰ মৃত্যুৰ পাছত যেনেদৰে চিকিৎসা সেৱা আৰু স্বাস্থ্য খণ্ডক লৈ অভিযোগ উত্থাপন হৈছিল, সেয়া এই প্ৰতিবেদনখনত সম্পূৰ্ণৰূপে নস্যাৎ কৰি চিকিৎসা ব্যৱস্থা আৰু চিকিৎসকৰ হেমাহি নাই বুলি উল্লখ কৰা হৈছে। লগতে তেজস্বিতাই সৰুৰে পৰা ভুগি অহা মৃগী ৰোগৰ চিকিৎসা ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত নাৰ্ছ ৩ গৰাকীৰ উপস্থিত নথকা বা পলমকৈ উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰাৰ লগতে চিকিৎসালয়খনৰ সেই সময়ৰ অধীক্ষক ড০ অমূল্য গোস্বামীৰ চুটি মঞ্জুৰ হোৱাতকৈ অধিক সময় চুটিত থকাৰ কথাও উল্লেখ কৰা হৈছে।

Category
Profile picture for user UB Photos