আত্মহত্যা! পত্নী আৰু ২ সন্তানক শোৱা কোঠাত তলা মাৰি পাকঘৰত আত্মহত্যা স্বামীৰ....

Suicide

সকলো সমস্যাৰ সমাধান জানো আত্মহত্যা! হয়তো কেতিয়াও নহয়; প্ৰথমে পত্নী আৰু ২ সন্তানক শোৱা কোঠাত তলা মাৰি তাৰ পিছত পাকঘৰত আত্মহত্যা স্বামীৰ।

গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। পত্নী আৰু দুটি কণমানি সন্তানক শোৱা কোঠাৰ দৰ্জাত তলা লগাই বন্দ কৰি পাকঘৰত চিপ লৈ আত্মহত্যা স্বামীৰ। এই ঘটনা সংঘটিত হৈছে হেঙেৰাবাৰীৰ কাঞ্চন নগৰত।

suicide

আত্মহনৰ পথ বাচি লোৱা লোকজনৰ নাম কমল ৰাজবংশী বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স আছিল প্ৰায় ৩৭ বছৰ। লোকজন পেছাত আছিল এজন কাঠমিস্ত্ৰী।

বৰ্তমানো জানিব পৰা হোৱা নাই যে কি কাৰণত লোকজনে এই চৰম পথ বাচি ল’লে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
 

Category
Profile picture for user UB Photos