কামৰূপ মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে এইড্ছ আই ভিত আক্ৰান্তৰ সংখ্যা.....

hiv

বিগত বৰ্ষসমূহৰ তুলনাত অসমত বৃদ্ধি পাইছে এইড্ছ আই ভি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সংস্থাই ২৮ সহস্ৰাধিক ৰোগীৰ নাম পঞ্জীয়ন কৰিছে।

উল্লেখ্য যে, অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সংস্থাই ২০১৮-১৯ পঞ্জীয়ন বৰ্ষৰ পৰা ২০২৩-২৪ পঞ্জীয়ন বৰ্ষলৈকে এক তালিকা প্ৰকাশ কৰে। এই তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহলৈকে ২৮৫৯ গৰাকী এইড্ছ আই ভিৰ অৱস্থিতি থকা ৰোগী ধৰা পেলাইছে।

hiv

আনহাতে বিগত ৫ বছৰৰ পৰিসংখ্যা মতে পূৰ্বতকৈ অধিক হাৰত এইড্ছ আই ভি ৰোগাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰকাশিত তথ্য অনুসৰি- ২০১৮-১৯ পঞ্জীয়ন বৰ্ষত ১৭১৫ গৰাকী,২০১৯-২০ বৰ্ষত ১৯৫৫ গৰাকী,২০২০-২১ বৰ্ষত ১২৮৮গৰাকী,২০২১-২২ বৰ্ষত ২৩৬৬ গৰাকী,২০২২-২৩ বৰ্ষত ৪০১৮গৰাকী আৰু ২০২৩-২৪ বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইলৈকে ২৩২১ গৰাকী লোকক চিনাক্ত কৰি পঞ্জীয়ন কৰা হৈছে।

লক্ষণীয় যে, ২০২২-২৩ বৰ্ষৰ সময়চোৱাত দ্ৰুত হাৰত এইড্ছ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। আনহাতে চলিত পঞ্জীয়ন বৰ্ষৰ জৰীপ অনুসৰি কামৰূপ মহানগৰ জিলাত সৰ্বাধিক লোক এইড্ছত আক্ৰান্ত হৈছে। জিলাখনৰ ৮৪১৪গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈ তালিকাৰ শীৰ্ষত আছে।

ইফালে তালিকাৰ দ্বিতীয় স্থানত কাছাৰ জিলা আছে। জিলাখনৰ ৫৫৭৫গৰাকী লোক সম্প্ৰতি এই ৰোগত আক্ৰান্ত হৈছে। অৱশ্যে তালিকাৰ নিম্ন স্থানত আছে চৰাদেউ জিলা। আনহাতে দক্ষিণ শালমাৰাত বৰ্তমানলৈকে কোনো লোক এইড্ছত আক্ৰান্ত হোৱা নাই।

Category
Profile picture for user UB Photos