হায় মানৱতা! কেৱল টকাৰ বাবেই বন্ধুৱে বন্ধুক কৰিলে হত্যা.......

Murder

মহানগৰীত অত্যাধিক হাড়ত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। গুৱাহাটী মহানগৰীত আজি পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। মহানগৰীৰ ছাবিপুলত থকা ডেম্পত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড ।

জানিব পৰা মতে, হত্যাকাণ্ডটোত ছাদ্দাম আলী নামৰ এজন লোকক হত্যা কৰা হৈছে । খবৰ অনুসৰি, হাকিম আলী নামৰ অভিযুক্তজনে ছাদ্দাম আলীক মৰিয়াই মৰিয়াই হত্যা কৰে। 

murder case

তদুপৰি, ছাদ্দাম আলীক মৃত্যুৰ পূৰ্বে চুৰিৰে হানিছিল বুলিও জানিব পৰা গৈছে। ছাদ্দাম আলীৰ মৃতদেহত ডিঙিত দুটা, পিঠিত দুটা, পেটত দুটা, মুঠ ৬ বাৰ আঘাত কৰিছিল আৰু পিঠিৰ ভিতৰত চুৰিৰ এটা অংশ সোমাই আছিল। মৃত ছাদ্দামৰ দুচকীয়া পালচাৰ বাহনখন আঠগাওঁ দলঙৰ তলত উদ্ধাৰ হৈছে।

উল্লেখযোগ্য যে, ধনৰ বাবেই উক্ত হত্যাকাণ্ডটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ গড়চুক আৰু ফটাশিলৰ দুৰ্গম অঞ্চলৰ পানী-মেটেকাৰ তলত লুকুৱাই ৰাখিছিল। 

হত্যাকাণ্ড সংঘটিত কৰা হাকিম আলীৰ ঘৰ কলগাচিয়াত বুলি জানিব পৰা গৈছে । অভিযুক্ত হাকিম আলীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, হাকিম আলীয়ে নিজে ব্লেডেৰে মূৰ কাটি ডেম্পৰ স্বত্বাধিকাৰীক পুৱতি নিশা ৩:১৬ বজাত ডকাইতি হোৱা বুলি জনাইছিল। এই ঘটনা সম্পৰ্কে স্বতাধিকাৰী ৰফিকুল ইছলামে দাখিল কৰিছিল এজাহাৰ। ঘটনাস্থলীত ফটাশিল আৰক্ষী আৰু পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Category
Profile picture for user UB Photos