
এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া হ'ল এটা পৰিয়ালে। চিকিৎসালয়ত মৃত্যু হৈছিল পিতৃৰ। চাৰি কন্যা আৰু মাতৃয়ে এখন এম্বুলেন্সেৰে পিতৃৰ মৃতহেদ ঘৰলৈ ওভতাই নিবলৈ আহিছিল। কিন্তু নিয়তিৰ কি খেল ? মৃতদেহ নিব লৈ আহি নিজে যে প্ৰাণ হেৰুৱাব লগীয়া হ'ব সেয়া কল্পনাৰো অতীত আছিল। মৃতদেহটো লৈ ঘৰ পোৱাৰ পূৰ্ৱেই বিপৰীত দিশৰ পৰা আহি থকা এখন গাড়ীয়ে এম্বুলেন্সখনত তীব্ৰ জোৰে খুন্দা মাৰে, ফলত সংঘটিত হয় এই শোকাৱহ তথা ভয়ংকৰ পথ দুৰ্ঘটনাটো।

বাতৰি অনুসৰি, এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এম্বুলেন্সখন দুটুকুৰা হৈ পৰে। দুৰ্ঘটনাটোত চিকিৎসালয়ত মৃত্যু ঘটা লোকজনৰ পত্নী আৰু তিনি কন্যাৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো শুক্ৰবাৰে উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে।
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, পৰিয়ালটো কানপুৰৰ পৰা মোৰাবালৈ গৈ আছিল। এম্বুলেন্সখন পুৰবা আৰক্ষী থানাৰ অন্তৰ্গত তুচৰাউৰ গাঁৱৰ ওচৰত এখন গাড়ীৰ সৈতে মুখামুখী সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা চাৰিজন যাত্ৰীৰে ঘটনাস্থলীতে মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ধনীৰাম নামৰ লোকজনক কানপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু হয়। ধনীৰামৰ পত্নী আৰু চাৰি কন্যাই তেওঁৰ শৰীৰটো আনিবলৈ গৈছিল। দুৰ্ঘটনাটোত ধনীৰামৰ পত্নী প্ৰেমা (৭০), তিনিগৰাকী কন্যা মঞ্জুলা (৪৫), অঞ্জলি (৪০) আৰু ৰুচি (৩০) নিহত হয়।
আনহাতে, আন এগৰাকী কন্যা সুধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ অৱস্থাও অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে।
- Log in to post comments