ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই কপাইঁ তুলিছে সমগ্ৰ ৰাজ্য । পুনৰ মহানগৰীত উদ্ধাৰ এগৰাকী নৱম শ্ৰেণী ছাত্ৰীৰ মৃতদেহ ।
ঘৰৰ কাষৰে এঘৰৰ শৌচাগাৰৰ পিছফালে উদ্ধাৰ হয় ছাত্ৰীগৰাকীৰ মৃতদেহ। নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মহানগৰীৰ ভাস্কৰ নগৰ ত্ৰিবেণী পথত সংঘটিত হৈছে এই চঞ্চল্যকৰ ঘটনাটো। এয়া হত্যা নে আন কিবা সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই।
উল্লেখ্য যে, মৃত ছাত্ৰীগৰাকীৰ নাম অদিতি পোদ্দাৰ বুলি জানিব পৰা গৈছে। ফটাশিল আমবাৰীৰ শিশু নিকেতনত অধ্যয়নৰত্ব আছিল ছাত্ৰীগৰাকী। ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
- Log in to post comments