দুজন সুৰাপায়ী বন্ধু! প্ৰথমতে একেলগে কৰিলে সুৰাপান; তাৰ পিছত কাজিয়াত লিপ্ত হৈ কৰিলে হত্যা.......

Ghy

মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । দিনদুপৰতে বন্ধুৱে শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে আন এজন বন্ধুক । 

উল্লেখ্য যে, পিংকু নাথ আৰু তাৰছন আলী দুয়োজনেই আছিল টেম্পু চালক । দুই বন্ধুৱে দিনদুপৰতেতে টেটুলৈকে সুৰাপান কৰিছিল । তাৰ পিছত কিবা কথাত দুয়োৰে মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল। এই কাজিয়াই অৱশেষত ভয়ংকৰ ৰূপ লয় ।

ghy

খবৰ অনুসৰি, পিংকু নাথক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰে তাৰছন আলীয়ে । এই ঘটনাটো সোমবাৰে বিয়লি ভাগত সংঘটিত হৈছিল বুলি জানিব পৰা যায় ।

সুৰাপান কৰি এজনে আনজন বন্ধুক আঘাত কৰাত গুৰুতৰভাবে আহত হয় পিংকু। সংকটজনক অৱস্থাত পিংকু নাথক ধীৰেনপাৰা FRUত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয় । আৰক্ষীৰ মতে দুয়োজনেই সুৰাপান কৰাৰ ফলতেই সৃষ্টি হৈছিল কাজিয়া।

তাৰছান আলীৰ বিৰুদ্ধে ১৬৪/২৩ নম্বৰ গোচৰত ধাৰা সন্নিৱিষ্ট হৈছে US 302 IPC। ইতিমধ্যে তাৰছান আলীক আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে ফটাশিল আৰক্ষীয়ে।
 

Category
Profile picture for user UB Photos