আপুনি বাৰু ঘৰ সজা কথা ভাবি আছে নেকি! যদি ভাবিছে তেন্তে গৃহ নিৰ্মাণৰ বাবে উপযুক্ত এইকেইটা মাহ ? জানো আহক............

home

বাস্তু শাস্ত্ৰ অনুসৰি, গৃহ নিৰ্মাণৰ বাবে সকলো মাহ উপযুক্ত নহয় । বছৰৰ বাৰ মাহৰেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে । বিশেষকৈ মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন হোৱাও দেখিবলৈ পোৱা যায় । গতিকে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি......

home

গৃহ নিৰ্মাণৰ বাবে আটাইতকৈ উত্তম মাহটো হৈছে ব'হাগ মাহ । ব'হাগ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন-সম্পত্তি তথা সুখ-সমৃদ্ধি বৃদ্ধি হয় । 

আনহাতে জেঠ, আহাৰ, শাওণ, ভাদ আৰু আহিন মাহত গৃহ নিৰ্মাণৰ কৰাটো অশুভ বুলি গণ্য কৰা হয় । এই কেইটা মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ঋণগ্ৰস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সন্মুখীন হ'ব পাৰে । সেয়েহে এই কেইটা মাহত ঘৰ সজাটো অনুচিত । 

লগতে কাতি, আঘোণ মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক । এই মাহত ঘৰ সাজিলে সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে ধনপ্ৰাপ্তিৰ যোগ থাকে । 

পুহ আৰু চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে আৰু মাঘত গৃহ নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে । 

Category