মৃত্যু এনেকৈয়ে আহে নেকি! ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এহাল দম্পতিৰ; নিমিষতে শেষ হৈ গ'ল এটা পৰিয়াল........

Goalpara

গোৱালপাৰা আগিয়াত পুৱা ৫ বজাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত ধুবুৰী জিলাৰ চাপৰৰ এহাল স্বামী-স্ত্ৰীয়ে কৰুণ মৃত্যুক সাবটিব লগা হয় ।

goalpara

উল্লেখ্য যে, মাৰুতি ব্ৰেজা আৰু গেছ কঢ়িওৱা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় । পুৱা ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

goalpara

আনহাতে, এই দুৰ্ঘটনাত পৱিত্ৰ পোদ্দাৰ আৰু তেওঁৰ পত্নী মল্লিকা পোদ্দাৰৰ মৃত্যুৰ হোৱাৰ লগতে আহত হয় তিনিজন লোক। আহত তিনিজন ক্ৰমে আতোৱাৰ ৰহমান, অভিবেচ কুমাৰ সিংহা আৰু প্ৰতুষা পোদ্দাৰ 

goalpara

মাৰুতি ব্ৰেজ্জাখন গুৱাহাটীৰ পৰা ধুবুৰীৰ দিশে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত মাৰুতি বাহনখনৰ নম্বৰ ML 05AA 1344 আৰু গেছ পৰিবাহী বাহনখনৰ নম্বৰ AS 26C 9382। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Category
Profile picture for user UB Photos