অসহনীয়! লানি নিছিগা শাৰী লাগিছে মৃতদেহৰ! উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত ২৮৮ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

Train Accident

ভাৰতীয় ৰে'ল ইতিহাসৰ এক সৰ্ববৃহৎ দুৰ্ঘটনা। শুকুৰবাৰৰ দিনটো যেন আছিল সকলোৰে বাবে অভিশপ্ত। চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ'ল সকলো। চৌপাশে কেৱল আৰ্তনাদ। পোন ৰে'লৰ আলি যেন এতিয়া তাত নাই। সকলো যেন চেদেলি-ভেদেলি। অ'ত ত'ত পৰি ৰৈছে মৃতদেহ। কাৰোবাক বগা কাপোৰে ঢকা। তাৰ মাজতে ভাহি আহিছে আহতৰ চিৎকাৰ-কান্দোন। শুক্ৰবাৰে নিশা ওড়িশাৰ বালাচড়ত সংঘটিত হয় ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। ৩খনকৈ ৰে'লৰ ভয়াৱহ সংঘৰ্ষই প্ৰাণ কাঢ়িলে শ শ লোকৰ। এই পৰ্যন্ত দুৰ্ঘটনাত মৃত্যু ২৮০জনৰো অধিক লোকৰ। দুৰ্ঘটনাত পতিত হয় বাংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ, চালিমাৰ-চেন্নাই কৰমেণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'ল। দুৰ্ঘটনাৰ পিছতে লাইনচ্যুত কেইবাটাও দবা। ঘটনাত আহত প্ৰায় ৯ শতাধিক লোক। উদ্ধাৰকাৰ্য যিমানেই আগুৱাব, নিহত আৰু আহত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এতিয়াও বহু যাত্ৰী আবদ্ধ হৈ থাকিব পাৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। গভীৰ নিশা ৰে'লৰ দৰ্জা ভাঙি, গেছ কাটাৰ ব্যৱহাৰ কৰি উদ্ধাৰকাৰ্য চলোৱা হয়। উল্লেখ্য যে প্ৰতি মুহূৰ্ততে ঘটনাৰ খবৰ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Category