ভাৰতীয় ৰে'ল ইতিহাসৰ এক সৰ্ববৃহৎ দুৰ্ঘটনা। শুকুৰবাৰৰ দিনটো যেন আছিল সকলোৰে বাবে অভিশপ্ত। চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ'ল সকলো। চৌপাশে কেৱল আৰ্তনাদ। পোন ৰে'লৰ আলি যেন এতিয়া তাত নাই। সকলো যেন চেদেলি-ভেদেলি। অ'ত ত'ত পৰি ৰৈছে মৃতদেহ। কাৰোবাক বগা কাপোৰে ঢকা। তাৰ মাজতে ভাহি আহিছে আহতৰ চিৎকাৰ-কান্দোন। শুক্ৰবাৰে নিশা ওড়িশাৰ বালাচড়ত সংঘটিত হয় ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। ৩খনকৈ ৰে'লৰ ভয়াৱহ সংঘৰ্ষই প্ৰাণ কাঢ়িলে শ শ লোকৰ। এই পৰ্যন্ত দুৰ্ঘটনাত মৃত্যু ২৮০জনৰো অধিক লোকৰ। দুৰ্ঘটনাত পতিত হয় বাংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ, চালিমাৰ-চেন্নাই কৰমেণ্ডল এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'ল। দুৰ্ঘটনাৰ পিছতে লাইনচ্যুত ক
- Today is: