এইকেইবিধ ফল খাওক, বহুগুণে সকাহ পাব গাঁঠিৰ বিষ!

Fruits

বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা হ’ল- গাঁঠিৰ বিষ। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে এই সমস্যা হোৱা দেখিবলৈ পোৱা যায়। কেইবিধমান ফল খাইও গাঁঠিৰ বিষ বহুগুণে কমাব পাৰি।সেইকেইবিধ তলত উল্লেখ কৰা হ'ল-

ক) কমলাঃ-আপুনিও আহাৰত তালিকাত কমলা অন্তৰ্ভুক্ত কৰক। কাৰণ কমলাই শৰীৰত পানীৰ অভাৱ দূৰ কৰাৰ লগতে ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন ‘চি’ থাকে যি গাঁঠিৰ বিষৰ বাবে অত্যন্ত উপকাৰী।

খ) আঙুৰঃ-আঙুৰ সেৱন কৰি আপুনিও নিজকে বহুতো ৰোগৰ পৰা আঁতৰত ৰাখিব পাৰে। আঙুৰে গাঁঠিৰ বিষৰ পৰা বহুগুণে সকাহ দিয়ে।

গ) তৰমুজঃ- তৰমুজ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তৰমুজে শৰীৰত পানীৰ অভাৱ পূৰ কৰাৰ লগতে তাৎক্ষণিক শক্তি প্ৰদান কৰে।

 

Category
Profile picture for user UB Photos