উত্তাল সদন! হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষক ঘেৰাও AIUDF ৰ বিধায়কৰ

AIUDF

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনাই উত্তাল হৈ পৰে সদন। বটদ্ৰবা উচ্ছেদৰ সন্দৰ্ভত সদন স্থগিতৰ প্ৰস্তাৱ AIUDF ৰ। হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষক ঘেৰাও কৰে AIUDF বিধায়কে।

AIUDF ৰ মতে ভূমিহীন লোকৰ ওপৰত উচ্ছেদ চলাইছে চৰকাৰে। চৰকাৰে প্ৰথমে বিকল্প ভূমিৰ ব্যৱস্থা কৰক, তাৰপিছত উচ্ছেদ কৰক। উচ্ছেদৰ বিৰুদ্ধে AIUDF ৰ সৈতে একেলগে প্ৰতিবাদ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলিৰ। বিধানসভা চৌহদত মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক গৰাকীয়ে। শ্বেৰমান আলিক সংগ দিলে বিধায়ক মুজিবৰ ৰহমানে।

Category
Profile picture for user UB Photos