ৰোহিত শৰ্মাৰ আঘাতৰ বাবে বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত সুযোগ পালে ঈশান কিষাণে।সেই সুযোগ অথলে যাব নিদিলে ক্ৰিকেটাৰ গৰাকীয়ে। আৰম্ভণিৰ পৰাই দূৰ্দান্ত ৰূপ ধৰিলে ঈশানে। প্ৰথমে ৮৫ টা বলত শতক অৰ্জন কৰি আৰু বেছি বিস্ফোৰক হৈ উঠিছিল বাওহতীয়া অপেনাৰগৰাকী। আৰু যাৰ বাবে বিশ্ব ক্ৰিকেটত সকলোতকৈ দ্ৰুত গতিত দ্বিশতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰিলে ঈশান কিষাণে। মাত্ৰ ১২৬ টা বলতে দ্বিশতক অৰ্জন কৰি ঈষান কিষাণে ভংগ কৰিলে ক্ৰিছ গেইলৰ নামত থকা অভিলেখ। ইশান কিষাণৰ এই সফলতা দেখি অনুৰাগী সকলো আনন্দত আত্মহাৰা হৈ পৰিছে।
- Log in to post comments