অনুৰাগীৰ ওপৰত কিয় খং উঠিল বিৰাট কোহলীৰ? 

Virat Kohli angry On Fans

টি ২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত আছেগৈ ভাৰতৰ ক্ৰিকেট দ'লটো। ইতিমধ্যে  ৩ খন খেলৰ দুখনত জয়ী হৈ পইন্টৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। দুখন খেলতে কিং বিৰাট কোহলীয়ে দূৰ্দান্ত প্ৰদৰ্শন কৰিছিল। কিন্তু অষ্ট্ৰেলিয়াত কোহলীৰ লগত ঘটিল এক আচৰিত কাণ্ড। কোহলীৰ হোটেলৰ ৰূমত কোহলী নথকা অৱস্থাত কোনোবা অনুৰাগীয়ে অনুমতিৰ অবিহনেই প্ৰৱেশ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে কোহলীৰ ৰূমৰ ভিডিঅ'। পিছত সামাজিক মাধ্যমত ভিডিঅ'টো দেখি কোহলীয়ে ইয়াৰ উচিত উত্তৰ দিলে।

Kohli Angry

কোহলীয়ে লিখিছে '  মই বুজিছো অনুৰাগী সকল তেওঁলোকৰ প্ৰিয় খেলুৱৈ জনক লগ পাবলৈ আৰু চাবলৈ বহুত আগ্ৰহী হৈ থাকে আৰু মই সেইটোক সদায় সন্মান কৰো। কিন্তু এই ভিডিঅ' টোৱে মোৰ প্ৰাইভেছিৰ ওপৰত ভয় নমাইছে। নিজৰ ৰূমটোতে যদি প্ৰাইভেছি নাথাকে তেন্তে মই মোৰ ব্যক্তিগত সময় কটাবলৈ ক'ত আশা কৰিম? মই এইবোৰ ফেন্টেছিজিম ভাল নাপাও। মই অনুৰোধ কৰিছো মানুহৰ প্ৰাইভেছিক সন্মান কৰক আৰু তেওঁলোকক সামগ্ৰী বা মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ নকৰিব।' কোহলীৰ লগত হোৱা এই ঘটনাৰ পিছত এতিয়া ক্ৰিকেটৰ তাৰকাৰ পৰা ধৰি বলিউডৰ লগতে আন আন চেলিব্ৰেটি সকলেও গৰিহণা দিছে অনুৰাগীৰ কাণ্ডক।

Category
Profile picture for user UB Photos