বেয়া খবৰ! অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব এইবাৰৰ অম্বুবাচী মেলা

Ambubachi Mela

শক্তিপীঠ মা কামাখ্যা ধামত অহা ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা এইবাৰো অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আজি এই কথা ব্যক্ত কৰি কয় যে মা কামাখ্যা ধামত এইবাৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰা হৈছে। 

উল্লেখ্য় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেলত কয় যে কোভিডৰ সময়ত যিদৰে অনুষ্টুপীয়াকৈ অম্বুবাচী অনুষ্ঠিত কৰা হৈছিল, এইবাৰো সেইদৰেই পালন কৰা হ’ব অম্বুবাচী মেলা।

কেৱল ধৰ্মীয় ৰীতি-নীতিৰেই পালন কৰা হ’ব এইবাৰৰ অম্বুবাচী মেলা। আগৰ দৰে অম্বুবাচী মেলালৈ মানুহ আহিব নালাগে। যদি সেই দিনকেইটাটো বৰষুণ হয়, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। ৰাস্তাত ভূমিস্খলন হৈছে, বৰ্তমান চলি থকা ৰাস্তাটোও কি হয় কোনেও ক’ব নোৱাৰে। ফ্লাই অভাৰখনৰো কাম চলি আছে।

গতিকে এইবাৰো তীৰ্থযাত্ৰী অহাৰ বাবে বৰ ভাল সময় নহয়।

Category
Profile picture for user UB Photos