মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই ঊষানগৰীত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক

Assam Cabinet

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই তেজপুৰত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। তেজপুৰৰ নতুন অধিৱেশন হল(Convention Hall)ত অনুষ্ঠিত হ’ব এই বৈঠক।

তেজপুৰৰ বাটামাৰিত ৰাজ্য চৰকাৰে মাত্ৰ তিনি মাহৰ ভিতৰতে নিৰ্মাণ কৰি তোলা অধিৱেশন হলটো ১১ জুন অৰ্থাৎ কাইলৈ পুৱা ১০ বজাত মুকলি কৰা হ’ব। মুকলিৰ পাছতেই এই হলটোত সম্পন্ন হ’ব ৰাজ্যিক কেবিনেট বৈঠক।

মুঠ ১২০ জন লোকে অংশগ্ৰহণ কৰিব পৰা এই অধিৱেশন হলত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম ডিজিটেল মাইক্ৰ’ এল চি ডি স্থাপন কৰা হৈছে। য’ত মুখ্যমন্ত্ৰীয়ে বহি বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। শনিবাৰে কেবিনেট বৈঠকৰ পিছতেই দুদিন ধৰি জিলা উপায়ুক্ত সকলৰ বৈঠক অনুষ্ঠিত হ’ব এই ভৱনত।

ইতিমধ্যে, ভৱনটোৰ প্ৰায় ৯৫% কাম সম্পূৰ্ণ হৈ উঠিছে। এই ভৱনটোত সংযোজিত আছে ২০০ জন লোকে একেলগে বহিব পৰা ভোজনালয়, আৰু দুটা বিশেষ জিৰণি কোঠা আৰু শয়ন কক্ষ।

Category
Profile picture for user UB Photos