প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে ৰাজ্য চৰকাৰে, নিবনুৱাৰ মুখত বিৰিঙিছে সুখৰ হাঁহি…

appointment letter

চাকৰি প্ৰত্যাশীৰ বাবে আজি এক সুখৰ দিন। কিয়নো আজিৰে পৰা আৰম্ভ হ’ল নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি ৰাজ্য চৰকাৰৰ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া। আদিৰে পৰা চৰকাৰৰ ১লাখ নিযুক্তিৰ শুভাৰম্ভণি। খানাপাৰাত ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি মেলা।

২২,৯৫৮ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ। বিভিন্ন বিভাগত চাকৰি পোৱা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ। গৃহবিভাগৰ ৮,৮৬৭ পদত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ।

শিক্ষা বিভাগৰ ১১,০৬৩ পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩৩০পদ, জলসম্পদ বিভাগৰ ১০৫টা পদ, সমাজ কল্যাণ বিভাগৰ ৬৯টা পদ, স্বাস্থ্যৰ বিভাগৰ ২,৪১৯টা পদ, কৃষি বিভাগৰ ৫৫টা পদ, পৰিৱেশ আৰু বন বিভাগৰ ২৩টা পদ, লোকনিৰ্মাণ বিভাগৰ ৮টা পদ, খনি আৰু খনিজ পদাৰ্থৰ ২টা পদ আৰু শ্ৰমিক কল্যাণ বিভাগৰ ১৭টা পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

Category
Profile picture for user UB Photos