Government Job

চৰকাৰৰ ১ লাখ নিযুক্তিৰ দিশে আৰু এখোজ। আজি খানাপাৰাত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ সমাৰোহ। সৰ্বমুঠ ৪৪,৭০৩ পদত প্ৰদান কৰা হব নিযুক্তি পত্ৰ। ৩য় বৰ্গৰ ১১,০৪৮ গৰাকী, ৪ৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকী, অসম আৰক্ষীত ১২,০৭৯ গৰাকী, স্বাস্থ্য বিভাগত ৫,২৮১ গৰাকী, আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ২৩১ গৰাকী, LP, UPৰ ৪,৪৩৭ গৰাকী,পৰিবহণ বিভাগত MVI ২২২ গৰাকী, আৰু সামাজিক ন্যায় বিভাগত ৩৬৩ গৰাকীক নিযুক্তি। উল্লেখ্য যে নিযুক্তি পত্ৰ বিতৰণ সমাৰোহলৈ প্ৰাৰ্থীয়ে লগত আনিব লাগিব নিজৰ পৰিচয় পত্ৰ। মাৰ্কশ্বীট আৰু এডমিট কাৰ্ডো আনিব লাগিব প্ৰাৰ্থীয়ে।