আগন্তুক তিনি দিনলৈ ৰাজ্য়ত হাই এলাৰ্ট জাৰি! এইবাৰ যেন আগতীয়াকৈ আহিছে বাৰিষা!

Heavy Wind

ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ।

ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে হৈছে বিস্তৰ ক্ষতিসাধন।

আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনকি বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হ'ব।

কেৱল গুৱাহাটীতে নহয় উজনি, নামনী ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ-বৰষুণ হোৱাৰ আগজাননীৰ কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Category
Profile picture for user UB Photos