কিমান সুৰক্ষিত মহানগৰবাসী? এইবাৰ মহানগৰৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰি ব্যৱসায়ীলৈ গুলীচালনা…

firing

সুৰক্ষিত নহয় মহানগৰবাসী। মহানগৰীত সঘনাই সংঘটিত হৈছে অপৰাধৰ ঘটনা। সোমবাৰে মহানগৰীৰ ছাত্ৰীবাৰীত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

এইবাৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়ালে আদেশ যাদৱ নামৰ ব্যৱসায়ীজনক। গোপাল মেনছন এপাৰ্টমেণ্টৰ আবাসী আদেশ যাদৱ।

সোমবাৰে নিশা প্ৰায় ৯ বজাত এপাৰ্টমেণ্টৰ তৃতীয় মহলাত প্ৰৱেশ কৰি গুলীচালনা কৰে দুজনীয়া দুৰ্বৃত্তৰ দলে। ব্যৱসায়ীজনক গুলীয়াই বাইক আৰু এটা মোবাইল ফোন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই। গুলীবিদ্ধ আদেশ যাদৱক বৰ্তমান মেটাৰনিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Category
Profile picture for user UB Photos