ক্ৰিকেট জ্বৰত আক্ৰান্ত সংবাদ মাধ্যম: Assam Talksৰ বিৰুদ্ধে News Time Assamৰ বৃহৎ জয়…

Cricket News

গুৱাহাটীত T20 মিডিয়া ক্ৰিকেট জ্বৰ। নেহৰু ষ্টেডিয়ামত News Time Assamৰ চমকপ্ৰদ প্ৰদৰ্শন।

গুৱাহাটীস্থিত নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হৈছে ‘টি জি বৰুৱা সোঁৱৰণী T20 মিডিয়া ক্ৰিকেট’ খেলখনি। ৰাজ্যৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমে অংশগ্ৰহণ কৰা এই ক্ৰিকেট খেলখনিত বুধবাৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় News Time Assam।

Media Cricket

প্ৰথমে বেট ধৰি News Time Assamএ ১৫৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে Assam Talksএ ১০৫ ৰান কৰিবলৈ সক্ষম হয়। আনহাতে, ৪৩ ৰানৰ ব্যৱধানত সফলতা অৰ্জন কৰে News Time Assamএ। অতি ৰোমাঞ্চকৰ এই খেলখনৰ অ’পেনাৰ ৰেকিবুদ্দিন আহমেদ আৰু হিমাংশু ডেকাই খেলৰ সুন্দৰ আৰম্ভণি কৰে। মুঠ ২০ অভাৰত ১৫৩ ৰান প্ৰতিপক্ষক বান্ধি দিয়ে News Time Assamএ। 

উল্লেখ্য যে, Assam Talksৰ খেলুৱৈসকলেও খেলখনিত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় যদিও অৱশেষত পৰাজয় বৰণ কৰে। মিডিয়া ক্ৰিকেট খেলখনত Man of the Matchৰ খিতাপ অৰ্জন কৰে চুব্ৰত বৰ্মনে।

Category
Profile picture for user UB Photos