ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ...

Himanta Biswa Sarma

ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ।

ৰাজ্যৰ কৃষকসকলক এই বছৰৰ পৰা প্ৰদান কৰা হ’ব মু্খ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। যদি শিক্ষিত যুৱক-যুৱতী কৃষিখণ্ডত জড়িত হয়, তেন্তে ১ লাখ টকাকৈ লাভ কৰিব। লগতে প্ৰদান কৰা হ’ব কৃষি বিভাগৰ আঁচনি ।

মুখ্যমন্ত্ৰীগৰকীয়ে কয়, এই বছৰত ১ হাজাৰ শিক্ষিত কৃষকক দিয়া হ’ব এই বঁটা। ৫ বছৰত লক্ষ্য হ’ব ১০ হাজাৰ শিক্ষিত কৃষক।

ইফালে, ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত অসমৰ খিলঞ্জীয়া মানুহেহে কিনা বেচা কৰিব পাৰিব মাটি। ইয়াৰ বাবে আহিব শক্তিশালী আইন। প্ৰধানত নামনি অসমত হ'ব এই ৰাজহ চক্ৰসমূহ। ধুবুৰী, বৰপেটা, গোৱালপাৰা আদিত যিখিনি মাটি বাছি আছে সেইখিনি ৰক্ষা কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Category