উচ্চতম ন্যায়ালয়ত মুখথেকেচা শ্যামকানুৰ! সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ ভগ্নীৰ

Zubeen Garg

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন লাভ নকৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰে। সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰে।

পামী বৰঠাকুৰে সামাজিক মাধ্যমত লিখে...‘‘উচ্চতম ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিলে। অসমবাসীৰ প্ৰাৰ্থনাৰ ফল #JusticeForZubeenGarg’’।

উল্লেখ্য যে, ৫ অক্টোবৰৰ পৰৱৰ্তী শুনানিলৈ অপেক্ষা কৰিব লাগিব শ্যামকানু মহন্তই। 

Category