অল্টো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৪জন

accident

ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰী বিএছএফ কেম্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চাৰিচকীয়া অল্টো বাহন আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত চাৰিজানকৈ লোক গুৰুতৰভাৱে আহত 

আহত এটা শিশু আৰু এগৰাকী মহিলাসহ মুঠ চাৰিজন লোক। ইপিনে স্থানীয় ৰাইজৰ সহায়ত আঘাতপ্ৰাপ্তসকলক সংকটজনক অৱস্থাত জৰুৰীভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটো সংঘটিত কৰাৰ লগে লগে অল্টো বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ঘটনাৰ খবৰ পাই গৌৰীপুৰ যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Category