দাখিল হ'ল ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট! বাজেটত কি কি ঘোষণা?

Budget

আজি সংসদত দাখিল হ'ল ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট।  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে ২০২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট। অষ্টমবাৰৰ বাবে বাজেট দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ। এয়া মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। 

কি কি আছে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত?

-গৰীৱ, অন্নদাতা, যুৱক আৰু নাৰীৰ ওপৰত প্ৰাধান্য। ১০টা খণ্ডৰ ওপৰত সৰ্বাধিক প্ৰাধান্য দিয়া হৈছে বাজেটত
-বিকশিত ভাৰতৰ লক্ষ্য লৈ চলিছে ভাৰতৰ অৰ্থনীতি
-দেশৰ চালিকা শক্তিৰ কৃষিখণ্ডক লৈ বাজেটত বিশেষ গুৰুত্ব। কৃষকৰ বাবে PM ধন ধান্য যোজনা। কৃষকৰ আয় বৃদ্ধিৰ বাবে ধন ধান্য যোজনাৰ ঘোষণা। কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত।
-ভাৰতক ফুড বাস্কেট হিচাপে গঢ়াৰ লক্ষ্য। ধন ধান্য যোজনাৰ জড়িয়তে উপকৃত হ’ব ১০০ জিলা।
-বিহাৰৰ কৃষকৰ ওপৰত বিশেষ গুৰুত্ব। কপাহ উৎপাদনৰ বাবে আৰম্ভ হ’ব অভিযান। কপাহ খেতিয়কলৈ ৫ বছৰৰ পেকেজ ঘোষণা। কৃষি ঋণৰ ক্ষেত্ৰত সকাহ দিয়াৰ ঘোষণা। কম সুদত ৫ লাখলৈ ঋণ পাব কৃষকে।
-অসমৰ বাবে বিত্তমন্ত্ৰীৰ বাজেটত বৃহৎ ঘোষণা। অসমৰ নামৰূপত হ’ব নতুন ইউৰিয়া কাৰখানা। উদ্যোগখণ্ডৰ বাবে বৃহৎ ঘোষণা বিত্তমন্ত্ৰীৰ। MSME খণ্ডত ১০ কোটিলৈ ঋণ সাহায্য। ষ্টাৰ্টআপ খণ্ডৰ উদগণিৰ বাবে ২০ কোটি পৰ্যন্ত ঋণ। মধ্যবিত্তক বিশেষ সা-সুবিধা প্ৰদানৰ ব্যৱস্থা বাজেটত। নতুন উদ্যোগপতিলৈ ২ কোটি টকা পৰ্যন্ত ঋণ সাহায্য।
-ভাৰতত বিশ্বমানৰ পুতলা উদ্যোগ স্থাপন হ’ব। পুতলা উদ্যোগত চীনক প্ৰত্যাহ্বান জনাব ভাৰতে।
-আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰতি বিত্তমন্ত্ৰীৰ গুৰুত্ব। গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহলৈ ইণ্টাৰনেটৰ সুবিধা। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহলৈও ইণ্টাৰনেটৰ সুবিধা। IITত বৃদ্ধি পাব আসনৰ সংখ্যা। অহা ৫ বছৰত মেডিকেল চিকিৎসাত বৃদ্ধি হ’ব আসন। দেশত ৭৫ হাজাৰ আসন বৃদ্ধিৰ লক্ষ্য বিত্তমন্ত্ৰীৰ বাজেটত।
-দেশৰ আন্তঃগাঁথনিৰ ওপৰত বিত্তমন্ত্ৰীৰ নতুন প্ৰস্তাৱ। ৰাজ্যসমূহৰ বিকাশৰ বাবে ১.৫ লাখ কোটি ধাৰ্য। দেশৰ আন্তঃগাঁথনিৰ বাবে ১০ লাখ কোটি ধাৰ্য বাজেটত।
-দেশজুৰি বিশুদ্ধ পানী যোগানৰ লক্ষ্য বিত্তমন্ত্ৰীৰ। ২০২৮ চনলৈ চলিব জল জীৱন মিছন আঁচনি। ২০২৮ৰ ভিতৰত দেশজুৰি হৰ ঘৰ বিশুদ্ধ পানীৰ ব্যৱস্থা।
-বিদ্যুৎ শক্তিখণ্ডৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নতুন ঘোষণা। পৰমাণু বিজুলী শক্তিৰ বাবে ২০ হাজাৰ কোটিৰ বাজেট। দেশত স্থাপন কৰা হ’ব ৫টা নতুন ৰিয়েক্টৰ।
-দেশত স্থাপন হ’ব নতুনকৈ ১২০টা বিমানবন্দৰ। অহা ১০ বছৰত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ। আঞ্চলিক যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰাৰ লক্ষ্য। ৪ কোটি বিমান যাত্ৰীক সামৰি লোৱাৰ লক্ষ্য।
-গ্ৰাম্য অৰ্থনীতিৰ উদগণিৰ বাবে বিশেষ পৰিকল্পনা। হোমষ্টে নিৰ্মাণৰ বাবে মুদ্ৰা যোজনাৰ অধীনত দিয়া হ’ব ঋণ। ৰাজ্যসমূহৰ সহযোগত ৫০ নতুন পৰ্যটন ক্ষেত্ৰ গঢ়াৰ লক্ষ্য।
-আয়কৰৰ ক্ষেত্ৰত হ’ব বৃহৎ সাল-সলনিৰ ঘোষণা। অহা সপ্তাহত উত্থাপন হ’ব নতুন আয়কৰ বিধেয়ক। আয়কৰ সন্দৰ্ভত বৃহৎ ঘোষণা বিত্তমন্ত্ৰীৰ। ১২ লাখ পৰ্যন্ত নালাগিব আয়কৰ। ১২ৰ পৰা ১৬ লাখ পৰ্যন্ত হ’ব ১৫% আয়কৰ। ১৬ ৰ পৰা ২০ লাখলৈ প্ৰযোজ্য হ’ব ২০% আয়কৰ। ২০ৰ ২৪ লাখলৈ প্ৰযোজ্য হ’ব ২৫% আয়কৰ। ২৪ লাখৰ ওপৰত ভৰিব লাগিব ৩০% আয়কৰ। চাকৰীজীৱীয়ে ১২ লাখ ৭৫ হাজাৰ পৰ্যন্ত দিব নালাগিব আয়কৰ।

Category