অহা ৪ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ'বলগীয়া ৩০ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমৰ ডকুমেন্ট্ৰী ছবি "দা লাষ্ট জেনেৰেচন"৷ জালান ফ্লিমছৰ বেনাৰত নিৰ্মিত "দা লাষ্ট জেনেৰেচন"ৰ পৰিচালনা প্ৰবাল খাওন্দৰ আৰু প্ৰযোজনা গোপাল জালান আৰু ধ্ৰুৱজ্যোতি কাকতিৰ৷
অৰুণাচল প্ৰদেশৰ আপাতানি জনগোষ্ঠীৰ মাজত প্ৰচলিত য়াপিং হুলো আৰু টিপে পদ্ধতি যি আজি বিলুপ্তিৰ পথত, সেই বিষয় বস্তুৰ আলমত ডকুমেন্ট্ৰী ছবি "দা লাষ্ট জেনেৰেচন" নিৰ্মাণ কৰা হৈছে৷ আজিৰ তাৰিখত মাত্ৰ কিছু সংখ্যক বৃদ্ধ মহিলাহে আছে য়াপিং হুলো আৰু টিপে পদ্ধতি অলংকৃত কৰা৷ তেওঁলোক নোহোৱা হ'লে এই পৰম্পৰা পৃথিৱীৰ পৰা চিৰদিনৰ বাবে হেৰাই যাব, যি এই ডকুমেন্ট্ৰী ছবিখনৰ মূল বিষয় বস্তু আৰু সেয়ে ছবি খনৰ নামো দিয়া হৈছে "দা লাষ্ট জেনেৰেচন"৷
ইতিমধ্যে আন্তৰাষ্ট্ৰীয় ডকোমেন্ট্ৰী আৰু চুটি ছবি মহোৎসৱ কেৰেলা, দূ্ৰ্গাপুৰ আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ, নৱাদা ইন্টাৰনেচনেল ফ্লিম ফেচটিভেল, পুনে চুটি ছবি মহোৎসৱ , দা বুদ্ধ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসব আৰু ঝাৰখণ্ডৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱা ডকুমেন্ট্ৰী ছবি "দা লাষ্ট জেনেৰেচন"ৰ চিত্ৰনাট্য প্ৰবাল খাওন্দ আৰু মীনাক্ষি ডেকাৰ৷ চিত্ৰগ্ৰহণ চিদা বৰাৰ৷ ছবিখনৰ সম্পাদনা ঘনশ্যাম কলিতা আৰু ছাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ৷ ডি আই শ্যামল দাসৰ৷ ৰাজীৱ কাশ্যপৰ আৱহ সংগীতত ছবি খনৰ ইংৰাজী ধাৰাবিৱৰণী ৰিকী শৰ্মাৰ আৰু অসমীয়া ধাৰাবিৱৰণী ড: কুমুদ দাসৰ৷
অৰুণাচল প্ৰদেশৰ আপাতানি জনগোষ্ঠী বসবাস কৰা জিৰ' চহৰৰ আশে পাশে শ্বুটিং কৰা "দা লাষ্ট জেনেৰেচন" দেশৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ ৩০ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অফিচিয়েল চিলেকচন লাভ কৰা অসমৰ একমাত্ৰ ডকোমেন্ট্ৰী ছবি হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷
- Log in to post comments