অন্ত পৰিল দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ! অসমৰ কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?.....

politics

অন্ত পৰিল দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ, যোৱাকালি লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণা। 

উল্লেখ্য যে, অসমত ১১খন আসন দখল কৰিলে NDAয়ে। বিজেপিৰ দখলত ৯খনকৈ আসন, এখনকৈ আসন লাভ অগপ, UPPLৰ, কংগ্ৰেছৰ দখলত ৩খনকৈ আসন।

গতিকে, জানো আহক - অসমৰ কোন সমষ্টিত কোনে মাৰিলে শেষ হাঁহি?

যোৰহাটত গৌৰৱ গগৈৰ শেষ হাঁহি। ডিব্ৰুগড়ত বিপুল ভোটত জয়ী সৰ্বানন্দ সোণোৱাল। লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱা বিজয়ী। শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্ত বিজয়ী। কাজিৰঙাত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা বিজয়ী।

আনহাতে, নগাঁৱত জয়ী কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ। দৰং-ওদালগুৰিত জয়ী বিজেপিৰ দিলীপ শইকীয়া। বৰপেটাত জয়ী অগপৰ ফণীভূষণ চৌধুৰী। গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধিৰ জয়লাভ। ডিফুত জয়ী বিজেপিৰ অমৰছিং তিছ’। কোকৰাঝাৰত জয়ী UPPLৰ জয়ন্ত বসুমতাৰী।

ধুবুৰীত জয়ী কংগ্ৰেছৰ ৰকিবুল হুছেইন। কৰিমগঞ্জত জয়ী বিজেপিৰ কৃপানাথ মাল্লা। শিলচৰত বিজেপিৰ পৰিমল শুক্লবৈদ্য বিজয়ী।
 

Category