IPL ত ৰিয়ান পৰাগৰ সৰ্বোত্তম প্ৰদৰ্শন! দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ৰিয়ান পৰাগলৈ ‘Player of The Match’.......

RIYAN

জয়পুৰত জিকিল অসম সন্তান ৰিয়ান পৰাগ। বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো ভাঙি পৰা নাছিল তাৰকাগৰাকী। অটুট মনোবল আৰু আত্মবিশ্বাসে পুনৰ বাৰ জয়ী হ'বলৈ সাহস দিছিল তেওঁক। সকলোৰে মুখ বন্ধ কৰি এতিয়ালৈকে নিজৰ সৰ্বশ্ৰেষ্ঠ টি-২০ মেচখন খেলিলে ৰিয়ানে।

উল্লেখ্য যে, দিল্লী কেপিটেলছৰ বিপক্ষে কালি জয়পুৰত অনুষ্ঠিত হোৱা লীগ মেচখন প্ৰথমে বেটিং কৰি সংকটত পৰিছিল ৰাজস্থান ৰয়েলছ্। মাত্ৰ ৩৬ ৰাণৰ দলীয় স্ক’ৰতে পেভিলিয়নলৈ উভতিছিল দলৰ বেটিং লাইন আপৰ তিনি মূল তাৰকা জয়ছোৱাল (৫), বাটলাৰ (১১) আৰু চেমচন (১৫)।

দলীয় এনে সংকটে ৰিয়ানৰ হাতত তুলি দিছিল নিজকে প্ৰমাণ কৰাৰ সুৱৰ্ণ সুযোগ। আৰু এইবাৰ সেই সুযোগ নেৰিলে যুৱ তাৰকাগৰাকীয়ে। ১২ ৰাণত জয়ী ৰাজস্থান ৰয়েলছ। ১৮৬ৰ টাৰ্গেট অনুসৰণ কৰি ১৭৩ ৰাণহে কৰিবলৈ সক্ষম হ’ল দিল্লী কেপিটেলছ। ৰিয়ান পৰাগৰ ৮৪ ৰাণৰ বিস্ফোৰক ইনিংছ। মাত্ৰ ৪৫টা বলতে ৮৪ ৰাণ সংগ্ৰহ ৰিয়ানৰ। ৰিয়ানৰ ৮৪ ৰাণৰ ইনিংছত ৭টা ফ’ৰ, ৬টা ছিক্স। 

দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ৰিয়ান পৰাগলৈ ‘Player of The Match’।  প্ৰথমে বেটিং কৰি ৩৬ ৰাণতে যশস্বী জয়ছোৱাল, জ’ছ বাটলাৰ আৰু সঞ্জু ছেমচনৰ উইকেট হেৰুৱাইছিল ৰাজস্থানে। ৪ নম্বৰত বেটিং কৰিবলৈ আহি ৰিয়ানৰ পৰাগৰে দুৰ্দান্ত বেটিং আৰম্ভ কৰে। ইনিংছৰ অন্তিম অ’ভাৰত আনৰিক নকিয়াৰ ব’লত ৩টা ফ’ৰ আৰু ২টা ছিক্স কোবাই ৰিয়ানে।

Category
Profile picture for user UB Photos