প্ৰেম, গ্লেমাৰ, লীভ ইন আদিয়ে কাল হ’ল নেকি তৃষ্ণাৰ বাবে? জানো আহক.....

ghy

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। খ্ৰীষ্টানবস্তিত ভাৰাঘৰত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকীৰ নাম তৃষ্ণা কাকতি বুলি জানিব পৰা গৈছিল। জানিব পৰা মতে, বিবাহিত প্ৰেমিকৰ সৈতে লিভইনত আছিল যুৱতীগৰাকী।

উল্লেখ্য যে, মডেল তৃষ্ণাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অভিযুক্ত বিষ্ণু দেৱ কোচক আদালতত হাজিৰ কৰোৱা হ’ব। বিগত ৪ দিনে দিছপুৰ আৰক্ষীৰ জিম্মাত আছিল ধৃত বিষ্ণু দেৱ কোচ। মহানগৰীৰ সুন্দৰী মডেল তৃষ্ণা কলিতাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল বিষ্ণু দেৱ কোচৰ। 

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি বিবাহিত বিষ্ণুৰ সৈতে অমৰাৱতী এপাৰ্টমেণ্টৰ প্ৰথম মহলাত লিভইনত আছিল তৃষ্ণা। বিষ্ণুক পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰি তৃষ্ণাক পত্নীৰ মৰ্যাদা দিবলৈ তৃষ্ণাই বিষ্ণুক হেঁচা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছিল। 

এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই তৃষ্ণাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। আৰক্ষীৰ অধিক তদন্তহে পোহৰলৈ আহিব প্ৰকৃততে কি হৈছিল তৃষ্ণাৰ সৈতে? উচ্চাকাংক্ষা, প্ৰেম, গ্লেমাৰ, নিবীড় সম্পৰ্ক, লীভ ইন আদিয়ে কাল হ’ল নেকি তৃষ্ণাৰ বাবে? এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে বহু গোপন কথা।

Category
Profile picture for user UB Photos