ঘোষণা হ’ল অগপৰ প্ৰাৰ্থী তালিকা! লোকসভাৰ নিৰ্বাচনত দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা অগপৰ.........

AGP

ঘোষণা হ’ল অগপৰ প্ৰাৰ্থী তালিকা। লোকসভাৰ নিৰ্বাচনত দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে অগপই। বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব ফণীভূষণ চৌধুৰীয়ে। ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান। সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংবাদমেল যোগে এই ঘোষণা কৰে।

প্ৰাৰ্থিত্ব পোৱাৰ পিছত ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া -‘মোৰ নিৰ্বাচন খেলাৰ ইচ্ছা নাছিল, দলৰ আহ্বানৰ প্ৰতি সন্মান জনাই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো, নিশাহে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো, বঙাইগাঁৱবাসী ৰাইজে মোক সদায় কাষতে পাব, দিল্লীলৈ গ’লেও সমষ্টিৰ মানুহৰ কাষত থাকিম, ফণীভূষণ জিকিলে বঙাইগাঁৱত প্ৰাৰ্থী দিব অগপই, অসম গণ পৰিষদ দল শক্তিশালী হওঁক, কংগ্ৰেছৰ দখলত থকা বৰপেটাত এইবাৰ জয়ী হ’ম’।

আনহাতে, প্ৰাৰ্থিত্ব পোৱাৰ পিছত জাভেদ ইছলামৰ প্ৰতিক্ৰিয়া - ‘ধুবুৰীত আমাৰ জয় নিশ্চিত, ধুবুৰীত আজমলৰ অস্তিত্ব নাইকীয়া হৈছে, কংগ্ৰেছো এতিয়া অস্তিত্বহীন, সংখ্যালঘু ভোটৰ ৮০-৯০ শতাংশ আমাৰ পক্ষত, ৰাইজে মোকেই আঁকোৱালি ল’ব, তাৰ উমান পাইছো, ধুবুৰীত এটা কলংকিত অধ্যায়ৰ অন্ত পৰিব’।
 

Category
Profile picture for user UB Photos