মহিলাক গুলীয়াই নামৰূপ থানাৰ OCৰ চৰম পন্থা! কিয় এই সিদ্ধান্ত লয় আৰক্ষী বিষয়াগৰাকীয়ে? সবিশেষ জানো আহক..........

oc

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নামৰূপ থানাৰ এগৰাকী আৰক্ষী বিষয়াই এগৰাকী মহিলাক গুলিওৱাৰ পিছতে নিজেও আত্মঘাতীৰ পথ বাছি লয়। মৃত আৰক্ষী বিষয়াজনৰ নাম অনুপম গোৱালা বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ২ মান বজাত লাহোৱালৰ ৰংপুৰীয়াত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। 

জানিব পৰা মতে, নামৰূপ থানাৰ OC অনুপম গোৱালাই প্ৰথমতে মহিলাগৰাকীক গুলীয়াই আহত কৰি নিজেও চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়। গুলীবিদ্ধ মহিলা গৰাকীৰ নাম বিষ্ণুপ্রিয়া গগৈ বুলি জানিব পৰা গৈছে। বৰ্তমান AMCHত চিকিৎসাধীন হৈ আছে বিষ্ণুপ্রিয়া গগৈ।

উল্লেখ্য যে, অনুপম গোৱালাৰ ঘৰ বোকাখাতত বুলি জানিব পৰা গৈছে। পূৰ্বৰে পৰা অনুপম আৰু মবিষ্ণুপ্রিয়াৰ মাজত ভাল চা-চিনাকি আছিল বুলি জানিব দিছে স্থানীয় লোকে। মহিলাগৰাকীৰ আছে দুটি সন্তান।

বৰ্তমান ঘটনাটোৰ সত্যতাক লৈ নামৰূপৰ লগতে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয় আৰক্ষী বিষয়াজনে মহিলাগৰাকীক গুলীয়াই নিজেও চৰম পথ বাছি লয়, সেই বিষয়টো বৰ্তমান আটাইতকৈ সন্দেহৰ বিষয়।

Category